পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাখীৰে-গুৰে হ'লে শুদায়ে খাব পাৰি॥” “যাৰ নাই গৰু, বৃন্দাবনত চাৰে। যাৰ নাই তিৰি, একে কিলেই মাৰে॥”—কোনো ফালেই কাকো শুদাই এৰা হোৱা নাই।

 অসমীয়া ভাষা আৰু ছন্দৰ বিকাশত পটন্তৰৰ ঠাই সম্পৰ্কে আমি “অসমীয়া পটন্তৰমালা" প্ৰৱন্ধত (বাঁহী, ১৫ শ বছৰ, ৯ম সংখ্যা; পুহ, ১৮৪৭ শক, ৫০৭-১০ পিঠি; “অসমীয়া সাহিত্যৰ জেউতি’’ ১ম তাঙৰণ, ১-৪ পিঠি) বহলাই আলোচনা কৰি আহিছোঁ। পুৰণি গ্ৰীক আৰু লেটিন ভাষাৰ কবিসকলৰ লিখাত ছন্দৰ পূৰ্বসূচনা, কবি ভাৰ্জিলৰ (Virgil) লিখা আৰু খৃষ্টান ভিক্ষু লিয়নিয়ছৰ (Leonlius) বাইবেলৰ (Old Testament) বুৰঞ্জীত “লিয়নিন্ছ ন্দ”ৰ ব্যৱহাৰত শব্দাংশৰ (Syllable) ধ্বনি-সামঞ্জস্য আদিৰ পৰা পুৰণি (Anglo-Saxon) যুগৰ মাজেদি ইংৰাজী ছন্দৰ আঁতিগুৰি বিচৰাৰ দৰে আমিও “কিনো পৈ হুতাই-তাই,” “ঘৰৰ বুঢ়া, পথাৰৰ মূঢ়া, “যেতেকতে নাটিছে,তেতেকতে মাটিছে'—এনেবোৰ গঢ়ৰ পৰাই অসমীয়া পদ, দুলৰী, লেচাৰী আদি ছন্দৰ উৎপত্তি বিচাৰিব লাগিব।

 পটন্তৰ (অং পট, প্ৰতিমূৰ্তি; সং অন্তৰ, আঁতৰ) যোজনা (সং,যোজনা, যোৰা দিয়া) আৰু ফকৰা (ফাং ফিকৰা, এষাৰি কথা) মূলত একে বস্তুৱেই বুলি মনে ধৰে। “অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা" বোলাতে আগৰটো কথাৰ পট পিছৰটোত আন দৃষ্টান্তৰ সহায়েৰে দাঙি ধৰা হৈছে; ইয়াক যথাৰ্থতে পটন্তৰ বুলিব পাৰোহঁক। আকৌ “কহয় মাধৱ দাসে, মানুহে মানুহে আছে।”বোলোতে সেইদৰে আগৰ ফাকি কথা পিছৰ ফাকি পুৰাবলৈহে যেনে যোৰা দিয়া হৈছে; গতিকে ইয়াক যোজনা বোলা হয়। কিন্তু “ঠাই দিবৰ গুণ, টপটপনি শুন"বুলি এফাকি সাধাৰণ কথাকে ছন্দত যেন সুৱলাকৈ কোৱা হৈছে; এতেকে ইয়াক ফকৰা বুলিব পাৰি। কিন্তু ব্যৱহাৰত এনে প্ৰভেদ নাই; কেবল “কথিলেই কথা,মথিলেই ঘিউ। ভাতত দিয়া হাঁহ কণীৰ কেনি যায় জীউ,” বা “বাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা। ৰৌ-বৰালি সৰকি গ'ল, পুঠি-খলিহনা পাহে পাহে ৰল’’—আদি ধৰ্মব্যাখ্যা দিয়া বচনবোৰক ফকৰা বোলা হয়।

 পৃথিৱীৰ আন আন জাতিৰ দৰে অসমীয়া জাতিৰো পটন্তৰমালাত গ্ৰাম্য দোষ (Vulgarity) থকা পটন্তৰ কিছু আছে, সেইবোৰ ইয়াত ঠাই দিয়া নাই। কিছুমান যোজনা লঘু (Slang) শব্দৰ ব্যৱহাৰ থকা বুলিও বাদ দিয়া হৈছে। আধুনিক ৰুচিবিগৰ্হিত কথাৰ নানা ফকৰাও স্বভাবতে ইয়াত এৰা পৰিছে। আৱশ্যক নেদেখিলে কোনো পটন্তৰৰ ভিন ৰূপো আমি লোৱা নাই। মুঠতে