পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

 দহৰ জ্ঞান, একৰ বাণী ("The wisdom of many and the wit of one." – Russell), এয়ে জগতৰ সাহিত্যত পটন্তৰ বা যোজনা-ফকৰাৰ মূল কথা। অযুত অযুত যুগৰ নিযুত নিযুত জন-গণৰ অভিজ্ঞতাৰ ৰস এইদৰে ঘনীভূত হৈ এনে একোটি বচন-মুকুতা হৈছে; সেইহে বিশ্বৰ সকলো জাতিৰ পটন্তৰ-মালা যুগ-যুগান্তৰৰ সঞ্চিত ধন (accumulated wisdom of ages’’) বুলি ধৰা হয়। “বঙহে মঙহ খায়, বঙহ নহলে মঙহ পেলনি যায়; “খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পিৰা;" “লাগনি নহলে জুই নজ্বলে, টুটকীয়া নহলে গাঁও নবহে; “আপদত ঔৱেও গল খজুৱায়;"এনে বুৰি বুৰি পটন্তৰৰ সত্যতা যুগে যুগে দিনে দিনে সুপ্ৰমাণিত হৈ সেইবোৰক কষটিত যেন সোণাৰ ৰেখা" স্বৰূপে শুৱাই ধৰিছে।

 শব্দৰ মিতব্যয়িতা আৰু সাৰগৰ্ভ কথাৰে বাক্যৰ হ্ৰস্বতা (economy of words in brief pregnant sentences) এয়েই বিশ্বসাহিত্যলৈ এই বচন সাহিত্যৰ (aphorisms) বিশেষ দান আৰু তাতেই সেইবোৰৰ শিল্প সৌন্দৰ্য৷ উদাহৰণ স্বৰূপে, ইংৰাজী গদ্যলেখক বেকন আদিৰ বিশিষ্ট ৰচনা-ৰীতি এই বচন-সাহিত্যৰ কাষত ঋণী। “আপুতৰ পুত, কোলাতে মুত", “উদৰ মুখত শালপোনা,” “এৰি দি বেৰি ধৰ,’’ অঁৰাই অঁৰাই এনে যোজনাই জনগণৰ মুখত আখৈ ফুটাদি ফুটিব লাগিছে। ডাকৰ বচন, খনাৰ বচন আদি এই বিষয়ত পটন্তৰৰ শাৰীৰ সাহিত্য, কিন্ত আন আন বিষয়ত সেইবোৰৰ লগত ইয়াৰ মূলগত প্ৰভেদ আছে। গতিকে সম্প্ৰতি সেইবোৰৰ পৰা ইয়াক সাৱধানে বাছি সুকীয়াকৈ দেখুৱাবলৈ যত্ন কৰা হৈছে।

 জীৱনৰ জ্বলা সমালোচনা (pungent criticism of life) পটন্তৰবোৰৰ আন এটি বৈশিষ্ট্য। “আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলো লগত। মাহ-চাউল খাবলৈ পাই তাতে হলো ভকত॥” দুখীয়াই কথা কয়, কথাত নিদিয়ে কাণ। চহকীয়ে কথা কয়, গাখীৰে-গুৰে সান।” “বাই বাইলুঙনী। উঠি পিৰা এখন দিলোহেঁতেন, মই হলোঁ শইকীয়ানী।” এনে এপোন ছঅঁৰা যোজনাত জীৱনৰ যেনে তীব্ৰ বিচাৰ কৰা হৈছে, 'আন এবুৰি দহ অঁৰাত সেইদৰেই ধেমালিৰ চলেৰে ছুইহে গৈছে-“আগত এটা পিছত এটা হ’লে অকলে যাব পাৰি।