পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
জনকাব্য


কপউ, কু কু! খুদ চাউল খাহি।
বোকা আছে, পানী আছে, কেনেকৈ যাম?
বেঙেনা গছত পোৱালি থৈ দেও দি দি আহ॥
কৰপৰা আহিছ? – চুৱনি পাতৰ পৰা। (ইত্যাদি)
চেই! চেই!! চেই!!!

 হঁয়কলি! হঁয়কলি!
অতক ধানে-চাউল কি কৰিলি?
‘পোৱে খালে, জীয়ে খালে'—‘থক্, খক্‌ খক্‌’।

 হুৰ্ হুৰ্ বঁটা চৰাই!
মোৰ ধান নাখাবি, তোক দিম গোটা-কড়াই॥
 ধানো খাম, চাউলো খাম।
 তোক বিয়া কৰাই ঘৰলৈ যাম॥

 খাগৰিজানৰে বঙাল।
 অপইতা বাঁহৰে টঙাল
 পুঠী মাছৰ পোৱালি।
 তয়ো এজনী ছোৱালী॥
সৌৰা গছৰ মূঢ়া। তয়ো এটা লৰা॥
 দত বগলী, বামত গছ।
কিয় মোক জোকাই লৱ, অগিয়ানৰ সঁচ॥

আয়ে বোলে লাহৰী এ! খৰিলৈ যা।
বায়ে বোলে লাহৰী এ! খৰিলৈ যা॥
কটাৰ পো হজুৱাই খৰি লুৰি নিদিলে,
 বাঁহপাতে কাটিলে গা৷
কৰণীতে কাপোৰ থৈ, বননিতে নাচাঁগৈ,
গোবিন্দ্ গোবিন্দ্ ঔ টোকাৰী বা॥