পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
পুতলি

ৰংদৈৰ ঘৰতে সোমাব খুজিলোঁ,
 চেংদৈ কুকৰে খালে।
 চেই! কুকুৰ, চেই।
 নাহিবি জপনা দেই॥
 বাঁহৰ মুঢ়া; বগৰিৰ গুড়া।
ক’ৰ পৰা পালেহি চকু-চেলোৱা বুঢ়া?

 ইৰকিচি মিৰকিচি বাঁহৰ শলা।
 মোমাইৰ পদূলিত বান্ধিলোঁ ঘোৰা॥
বুঢ়ী ঐ! ৰজাৰ জীয়েকে গাধুবলৈ যাওঁতে
 পহু-পোৱালি এটি পালে।
তাকে খাবলৈ জালি চাই কোমোবা এটি দিয়াঁ৷
 পুলি ৰুইছোঁ। (ইত্যাদি)

 চিকিমিকি, লোণ জালুকী।
মোমায়ে আনিলে  কেৰোলাজুকি॥
 মায়ে ৰান্ধিলে খাৰ।
তাৰে এহেঁতা  খুজিব খোজোঁতে
 হেঁতাৰে ধৰিলে মাৰ।

 শালিকি এ’! ৰটৌ টৌ!
ভাত হল, শাক হল; শালিকিৰ মাক কলৈ গ’ল?
 এইখিনিতে আছিলে গোবৰ খুচৰি।
 হালোৱাই লৈ গ’ল ডিঙি মুচৰি॥

‘বেজী সাওঁ? সীওঁ?’ — ‘নিসীবাঁ, নিসীবাঁ।’
‘এই পিনে যাওঁ?’— ‘গেলা গৰু আছে।’
‘এই পিনে যাওঁ?’— ‘গেলা মহ আছে।’
‘এই পিনে যাওঁ?’ — ‘ৰজাৰ বাট।’
 ঘেকেচ!!