পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জনকাব্য

পিৰিতিৰ দৰে আৰু কিবা ধন
 আছে নে চোৱাঁচোঁ গমি।
পিৰিতি নহ’লে দিনতে আন্ধাৰ ঐ,
 পিৰিতি চকুৰে মণি॥৬।

প্ৰথমৰ পিৰিতি আঁজলি-কাঁজলি,
 পিৰিতিত মজি যায় মন।
পেটত ভোক-পানী  নালাগে অকণি,
 পিৰিতি ভকতৰ ধন॥৭।

পিৰিতি পিৰিতি  প্ৰাণৰ ধন পিৰিতি,
 পিৰিতিৰ নপৰে ওৰ।
আথানি-আবানি দেহাৰে দুখনি,
 পিৰিতিয়ে পাতে যোৰ॥৮

উজাই যাবলৈ ৰঙ কৈ ধেমালি,
 ভটিয়াই যাবলৈ টান।
আইকে বোপাইকে এৰিব পাৰি ঐ,
 পিৰিতি এৰাটো টান॥৯।

পিৰিতি নকৰাঁ কিয়, ঐ মোৰ ধন,
 পিৰিতি নকৰাঁ কিয়।
ব্ৰহ্মা মহেশ্বৰ পিৰিতি কৰিছে,
 তুমি কোন ৰাজৰে জীৱ॥১০।