পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় তাঙৰণৰ

আগকথা

‘যেনে পালোঁ, তেনে ছপালোঁ’,—সি সম্পাদনা যে হয়েই, সংগ্ৰহো নহয়। পোৱাবোৰ চালনিৰে চালি কুলাৰে জাৰি অকল মলখুখিনি লব লাগিব; আৰু ভাব অনুসৰি যিমান পাৰি তাক জুকিয়াই ৰাহ লগাই দিব লাগিব যাতে পঢ়োঁতাই গুটীয়া লেখকৰ মৌলিক ৰচনাৰ নিচিনাকৈ পঢ়ি সুখ পায়। কায়মনোবাক্যে কৰিবলৈ হলে সেই বাবে সম্পাদনাৰ কাম মৌলিক ৰচনাতকৈ উজু যে নহয়েই, কেতিয়াবা টানহে।

 ইমানেই নহয়, একোটা শব্দকো কেতিয়াবা আহুকালত পেলায়। ‘শুনা কথাত নিদিবা কাণ’; অথচ শুনা কথাৰ পৰাই শ্ৰুতি। একে জনেই এবাৰ কোৱা কথা দুনাই কলে লৰে; বেলেগ মুখৰ যে কথাই নাই। গতিকে ‘দেখিও তিনি প্ৰমাণ’ লব লগা হয়। ‘পিতেক’ গ্ৰাম্য দোষ; জনা মানুহৰ মুখত, আৰু ঘাইকৈ সাহিত্যত, ঠাই পাবৰ ই অযোগ্য : ‘পুতেক’হে শুদ্ধ আৰু গ্ৰহণীয়। সেইবুলি ‘পুত্ৰ’ই অনধিকাৰ প্ৰবেশ কৰিব নোৱাৰে।

 ইয়াতোকৈ বৰ কথা ৰুচি। অসমীয়াৰে পুৰণি-নতুন সমাজৰ ৰুচিৰ বহুত প্ৰভেদ; চাব লাগিব যাতে পুৰণি ৰুচি বুলি বৰ্তমান ৰুচিক আঘাত দিয়া নহয়। শাৰীৰিক কোনো বিসঙ্গতি বা অঙ্গৰ উল্লেখ আগৰ সমাজে দোষ নুবুলিছিল, আজি বোলে; এনে ঠাইত আজিৰ পৰিমাৰ্জিত ৰুচিক সম্মান দেখুৱাবই লাগিব, আৰু আৱশ্যকমতে আজি সুৰুচি নোবোলা কথা বাদ দিব লাগিব।

 সংগ্ৰহ-সম্পাদনাৰ এনে নানা বিধি-নিষেধ মানি ছাত্ৰ-জীৱনতে আমি এই ল’ৰা-নিচুকোৱা আৰু ল’ৰা-ওমলোৱা নামবোৰৰ কাম হাতত লৈছিলোঁ, আৰু ছপোৱা নছপোৱা সকলো নামৰ বাচ-বিচাৰ কৰি ছাত্ৰ-জীৱনৰ সামৰণিত, প্ৰায় দুকুৰি বছৰৰ আগত, ইয়াৰ প্ৰথম বাচনি উলিয়াওঁ। যথেষ্ট আদৰ পোৱা সত্ত্বেও তাৰ পোন্ধৰ বছৰৰ পাছত দ্বিতীয় আৰু এতিয়াহে তৃতীয় তাঙৰণ উলিয়াবৰ সুবিধা পোৱা হ’ল।


গুৱাহাটী
জেঠ, ১৮৮৭

শ্ৰীডিম্বেশ্বৰ নেওগ