পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
বিহুৱতী

মোকে নিওঁ নিওঁ  কৰ তই, পিলিঙা,
 মেৰো যে যাবৰে মন।
বোপাই নৰকীয়ে  নকয় মুখ ফালি,
 নলয় হাত মেলি ধন॥ ৭৭৫।

কেলৈ স্ৰজিলা  সৰেজন দেৱতা,
 কেলৈ তুলিলা আই।
মনৰে কামনা  পূৰাব নোৱাৰি,
 মৰোঁ বৰ বিহু খাই॥ ৭৭৬।

এই চ’ত মহীয়া  শিমলু ফুলিলে,
 ওপৰে উৰিলে তুলা॥
কাৰে বুদ্ধি পাই  আমাকে এৰিলা,
 জনমৰ শতৰু হ’লা॥ ৭৭৭।

লুইতে এৰিলে  দীঘলী এসুতি,
 দিহিঙে এৰিলে কূল।
আয়ে-বোপায়ে  ধৰম বিয়া দিলে,
 নুগুচিল হালধিৰ বোল॥ ৭৭৮।

তিতিক তিয়নি  যুৱনৰ শুৱনী,
 তাঁতশাল শুৱনী তাঁত।
লাহৰী শুৱনী  চকুৰ চেলাউৰি,
 জামুকে বোলোৱা দাঁত॥ ৭৭৯।

এনে কাঠে-চিতে  কেলৈ হ’লা, লাহৰী,
 পিৰিতি নকৰা কিয়?
ব্ৰহ্মা ইন্দ্ৰদেৱে  পিৰিতি কৰিছে,
 তুমি কোন ৰাজৰে জীৱ॥ ৭৮০৷