পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
জনকাব্য

পথাৰৰ মাজতে  আহত গছ এজুপি,
 তাতে দিলে কপৌৱে ৰুন্।
আই মোৰ মৰমৰ,  বোপাই মোৰ মৰমৰ,
 তাতোকৈ মৰমৰ কোন॥ ৭৭০।

দিখৌৰে বালিতে  দীঘল দৰিকনা,
 ডেও দি উফৰি যায়।
আই মোৰ মৰমৰ,  বোপাই মোৰ মৰমৰ,
 তোমাতকৈ মৰমৰ নাই॥ ৭৭১।

বন্দী হৈ আছিলোঁ  কোনোবা ধুবুৰীত
 মানসিং বঙালৰ ৰণত।
হাতৰ বৰ হিলৈ  নচলে, লাহৰী,
 তোমালৈ পৰিলে মনত॥ ৭৭২।

আকাশৰ চন্দ্ৰমা  ৰাহুৱে গিলিলে,
 কেতুৱে গিলিলে বেলি।
তোমাৰে ভাবনাই  মোকে ঐ গিলিলে,
 নোৱাৰোঁ থাকিব এৰি॥ ৭৭৩।

লাহীকৈ কেতেকীৰ  পাহি, ঐ মইনা,
 লাহীকৈ কেতেকীৰ পাহি।
বুকত দি-এ গলা জীয়া জুই একুৰা,
 মুখৰ হৰি নিলা হাঁহি॥ ৭৭৪।