পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
বিহুৱতী


সিফালে নাহিবা,  ছৰ্কাৰী ছিপাহী,
 নৈত নাইকিয়া সাঁকো।
ইফালে নাহিবা,  ছৰ্কাৰী ছিপাহী,
 তিতা তিয়নিৰে আছোঁ॥ ৭৬৫।

কলীয়া খাগৰি  কাট ছেও ধৰি,
 কুন্দতে কটালি কেৰু॥
বাটলু তিৰুতাক  ডাঙৰ যেন দেখিলা,
 আমাকে দেখিলা সৰু॥ ৭৬৬।

উজনি ৰাজতে  কান্দে ভীমৰাজে,
 মৈৰাই কান্দিলে সাঁজত।
হালৰ গৰু বেছি  ছোৱালী আনিলোঁ,
 চকু চাই নামাতে লাজত॥ ৭৬৭।

ক’লৈ লৰ মাৰি  পলাবি, বহনা,
 ক’লৈ লৰ মাৰি যাবি।
কোনোবাই কৰবাত খেঁকেৰু পাতিছে,
 তাতে লাগি ৰবি চাবি॥ ৭৬৮।

বগৰি ডালতে  কুপতি বিনালে,
 ঠেও ধৰি বিনালে কুলি।
মাকৰ গলত ধৰি  জীয়েকে বিনালে,
 ধনক আনি দিয়াঁ বুলি॥ ৭৬৯।