পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দন
প্ৰথম অধ্যায়

প্ৰথমে প্ৰণামো দেৱী সৰস্বতী,
 দ্বিতীয়ে প্ৰণামো হৰি।
তৃতীয়ে প্ৰণামো গাঁৱৰ বুঢ়া-মাথা,
 ধৰি যাওঁ নামৰে গুৰি॥১।

নামৰে কঠিয়া ঈশ্বৰে দিছিল
 ব্ৰহ্মায়ে সৰজা নাম৷
বেয়া নাম ওলালে খেমিবা সদৌৱে,
 পোনতে পিৰিতি গাম॥২।

পিৰিতি প্ৰাণৰ ধন,  ভাবি চোৱাঁ, ঐ মন,
 পিৰিতি আন্ধাৰৰ চাকি।
পিৰিতিয়ে নিদিলে  দিওঁতা নাইকিয়া,
 ভোকৰ ভাত পিয়াহৰ পানী॥৩৷

পিৰিতি ইয়াকুল, পিৰিতি বিয়াকুল,
 পিৰিতি গলৰে জৰী।
যিমান মেৰ খুৱাবা সিমান মেৰ খাব,
 পিৰিতি নপৰে সৰি॥৪।

পিৰিতি শুদা গুণ, মহঙৰ কেঁচা লোণ৷
 থবা যতনেৰে বান্ধি৷
কিবা মায়া কৰি  হেৰাব লাগিলে
 বিচাৰি নাপাবা কান্দি॥৫৷