পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
জনকাব্য

হাত মেলি মেলি  দাবলৈ নাপালোঁ
 পথাৰৰ মাগুৰি ধান।
শহুৰৰ লৰালৈ  যাবলৈ নাপালোঁ,
 পৰে শাহুৱতি টান॥ ৭৩০।

আমলৈ-এ বুলি  মাৰোঁ ফৰমুটি,
 কি বুলি তেতেলি সৰ।
ভনী-জোঁৱাই বুলি  দি যাওঁ তামোলখনি,
 কি বুলি হাততে ধৰ॥ ৭৩১।

ঔ ফুল ফুলিলে  পিন্ধোতা নহলে,
 ঠেকেৰা ফুলিলে ৰাতি।
আমাৰে বহনাক  কিনো চাই যাবা,
 কেচা হালধিৰে গাঁথি॥ ৭৩২।

চাইনো চাই বুলিবি  বাট, ঐ বহনা,
 চাইনো চাই বুলিবি বাট।
দেহৰে ভিতৰত  আছে খাল-বাম,
 পিচলি পৰিবি তাত॥ ৭৩৩।

পকি নেমু টেঙা  সৰিল, ঐ লাহৰী,
 পকি নেমু টেঙা সৰিল।
তোমালৈ-এ বুলি  ধিয়াওঁতে ধিয়াওঁতে
 যৌৱনৰ পৰালি পৰিল॥ ৭৩৪।