পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
বিহুৱতী

জাকৈয়া, জাকৈয়া,  মূৰতে টকৈয়া,
 কঁকালত ওদালৰ ফই।
হেৰা জাকৈয়া,  এটি মাছ দি যোৱাঁ,
 ৰজাই পতা বৰলা মই॥ ৭২৫।

জাতী বাঁহৰ জকাই ঐ,  নালাগে ককাই ঐ,
 নাখাওঁ দৰিকণা মাছ।
ৰজাই পতা বৰলাক  ছোৱালী নিদিবা,
 কথাৰো নাপাবা সাঁচ॥ ৭২৪৷

কলৈ যাৱ এলনী,  কলৈ যাৱ পেলনী,
 ঘৰতো নুশুনো মাত।
কলৈকো যোৱা নাই  বুকুৰে বহনা,
 বহি বৈ আছিলোঁ তাঁত॥ ৭২৭।

কৰঙাৰ ছোৱালী  থৰঙা-মৰঙা,
 ৰান্ধি খাব নাজানে ভাত।
বৈ খাব নাজানে  ৰিহাকৈ মেখলা,
 লগাই যাব নাজানে মাত॥ ৭২৮।

কিনো মাহী আইৰ  সাদৰ, ঐ বহনা,
 কিনো মাহী আইৰ সাদৰ।
ধান বানি খুৱালে  মাণিকি মধুৰি,
 পানী আনি খুৱালে নাদৰ॥ ৭২৯।