পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
জনকাব্য

সিপাৰৰ হাবিতে  কোনে জুই দিলে,
 ইপাৰে পৰেহি ছাই।
মোৰে হিয়াতে  কোনে জুই জালিলে,
 জুৰনি দিওঁতা নাই॥ ৭২০।

সপ্তত্ৰিংশ অধ্যায়

ভাটিৰে বঙালে  কঠিয়া তুলিলে,
 বেতৰ বকতুৰে বান্ধে।
আলসুৱা কঠিয়া  নাবান্ধিবি, বঙাল ঐ,
 জানো দুখ পাই কান্দে॥ ৭২১।

বঙাল ঐ, বঙাল ঐ,  লেতেৰা বঙাল ঐ,
 বঙালক নিদিবা ঠাই।
এৰাতি থাকিলে  কাললৈ শিকাব,
 সেইহে বঙালী ভাই॥ ৭২২।

কালিয়ে আহিলা,  কানি পান কৰিলা,
 ঘৰত বা হৈছে কি।
মাৰক লৈ গৈছে  ৰণুৱা বঙালে,
 কান্ধতে বন্দুকটো দি॥ ৭২৩।

কানীয়ালৈ নিদিবা,  কানি দিব লাগিব,
 তাকো দিব লাগিব মাৰি।
কানিৰ তিতা মাৰোঁতে  গুৰ দিব লাগিব,
 পিৰা দিব লাগিব পাৰি॥ ৭২৪।