পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
বিহুৱতী

ধনে দি পঠিয়ায়  ধনৰে টোপোলা,
 আমি দি পাঠিয়াওঁ কি।
ভালকৈ বুজাবা,  ধনৰে কটকী,
 আমি দুখীয়াৰে জী॥ ৭১৫।

থুৰিয়াই দি গলোঁ  তামোল তিনিখনি,
 বাটতে উলিয়াই খাবাঁ।
যেতিয়া পাবাগৈ  সোণাপুৰ নগৰখন,
 জানোচা পাহৰি যাবা॥ ৭১৬৷

ন পানী বাঢ়িলে  ঢেকনি লাগিলে,
 বহনাই বৰশি বায়।
মোৰ যে ভৰিতে  শিঙৰাই ফুটিলে,
 ধনে বেজ বিচাৰি যায়॥ ৭১৭।

আইটী বোলোঁ তোক,  এবেলি চাবি মোক,
 জেতুলি পকাৰে তলত।
এতোলা সোণৰে  বিৰি মই গঢ়াই দিম,
 পিন্ধি যাবি শুৱনী গলত॥ ৭১৮।

ঔ-তলৰ ঢেকীয়া  নিছৈ কুমলীয়া,
 ভৰি লাগি মুচুকাই ভাগে।
কঁকাল খামুচীয়া,  খোপা উধনীয়া,
 চাই থাক চাই থাক লাগে॥ ৭১৯।