পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
জনকাব্য

মটা মহত উঠি  চাপৰ নামাৰিবা,
 জোকাৰি নাবাবা বীণ।
শহুৰৰ পদূলিত  তামোল নাকাটিবা,
 বাকলিত ধৰিব চিন॥ ৭১০।

কেলৈ আহিলা  দিনৰে দুপৰত,
 লগাব নোৱাৰোঁ মাত।
তোমাৰো খতি হল  হাতৰ কাঠি-কামি,
 মোৰো খতি হল তাঁত॥ ৭১১।

হেৰা মোৰ লাহৰী,  নাপাওঁ মই আহৰি,
 তোমাক যাচিবলৈ গুৱা।
কাবৌটি কৰিছোঁ,  দুটি ভৰিত ধৰিছোঁ,
 ঘৰলৈ উভতি যোৱাঁ॥ ৭১২।

শুকানকৈ কলাপাত,  ধোঁৱা চাঙৰ মৰাপাট,
 থুৰিয়া তামোলত বান্ধো।
হেপাহৰ টোপোলা  দিবলৈ নাপাই মই
 বুকতে বান্ধিয়ে কান্দো॥ ৭১৩।

মহৰে টিলিঙা,  মোৰ ধন পিলিঙা,
 কাক বুলি যোৱাঁ শাহু।
ৰ'দলৈ পিঠিকৈ  মূৰতে ৰিহা লৈ
 আমি বহাই গৈছোঁ আহু॥ ৭১৪।