পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
বিহুৱতী

হাত মেলি নাপালোঁ  আকাশী চন্দ্ৰমা,
 ভৰি মেলি নাপালোঁ পাটি।
অতি চেনেহৰে  পিৰিতি কৰিলোঁ,
 শুবলৈ নাপালোঁ ৰাতি॥ ৭০৫।

জোন যেন দেখোঁ মই  তোক, ঐ মইনা,
 তৰা যেন দেখোঁ মই তোক।
কেচা ঘূমটিতে  হেৰায় যেন দেখোঁ মই,
 কাক পাই এৰিলি মোক॥ ৭০৬।

এই পিনে কোন গ’ল,  মোৰে ধন গ’ল,
 খোজত ঠন ধৰি গ’ল বন।
চকু কেৰাহিকৈ  এবাৰো নাচালে,
 কেনেবা কৰিছে মন॥ ৭০৭।

এই পিনে কোন গ’ল,  মোৰে ধন গ’ল,
 মূৰত পহু ছালৰ টুপি।
শতৰুৰ আগতে  মাতিব নোৱাৰোঁ
 চাওঁ বেৰ-জলঙাই জুপি॥ ৭০৮।

হাঁচতি লাহৰে,  টেমিটি কাঁহৰে,
 বঙালী মহৰে শিঙ।
আমাৰে পদূলিত  তামোল নাকাটিবা,
 বাকলিত ধৰিব চিন॥ ৭০৯।