পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
জনকাব্য

ধনে সাজি দিয়া  লাহৰী গগনা
 বহি বড়ৰ তলত বাওঁ।
ধনো নাহিলে,  গগনা ফাটিলে,
 খৰিকাত মঙলখন চাওঁ॥ ৭০০।


ষষ্ঠত্ৰিংশ অধ্যায়

ওপৰে উৰিলে  কালিন্দী ভোমোৰা,
 ঠিয় হৈ আছিলোঁ চাই।
তোমাৰে আমাৰে  পিৰিতি লাগিলে
 চকুৱে চকুৱে চাই॥ ৭০১।

সজাত বন্দী হলে   সজাৰে মইনা,
 শালত বন্দী হল হাতী।
মোৰ ধন বন্দী হল  ছৰ্কাৰী কামতে,
 টোপনি নধৰে ৰাতি॥ ৭০২।

সজা ভাঙি মোকলাওঁ  সজাৰ মইনা,
 শাল ভাঙি মোকলাওঁ হাতী।
মোৰ ধনক মোকলাওঁ  ছৰ্কাৰী কামতে,
 টোপনি অহাই যাওঁ ৰাতি॥ ৭০৩।

ৰাতি পৰে পৰে  তোলৈ মনত পৰে,
 মই আহোঁ বাজলৈ ওলাই।
তোৰে কথা ভাবি  ওলায় চকুৰ পানী,
 কাহানিকৈ ঈশ্বৰে মিলায়॥ ৭০৪।