পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
বিহুৱতী

ঢোলৰ নাজান  ছেও, ঐ ঢুলীয়া
 পেঁপাৰ নাজান ছেও।
নাচনী ছেওকে  মাৰিব নাজান,
 কানেদি মাৰি যাওঁ ডেও॥ ৬৮৫।

পেঁপা ছেও ধৰি  বাবি, ঐ পেঁপুৱা,
 পেঁপা ছেও ধৰি বাবি।
বৰকৈ নাবাবি,  খৰকৈ নাবাবি,
 নাচনী ছেওকে বাবি॥ ৩৮৬।

নাচোঁতে উৰিবৰ  ধূলি, ঐ বহনা,
 নাচোঁতে উৰিবৰ ধুলি।
বেইতা পৈয়ে মোৰ  চায় জুমি জুমি,
 মোৰ জনী আহিছে বুলি॥ ৬৮৭।

ঢোলৰ হেঙুলীয়া  মাৰি, ঐ লাহৰী,
 ঢোলৰ হেঙুলীয়া মাৰি।
লুইতত চাপিলে  ভাপ-নাও এখনি,
 চলায় পৰবতত গাড়ী॥ ৬৮৮।

ঢোল বায় ঢুলীয়া,  তাল বায় তালীয়া,
 কাৰ ঘৰৰ নাচনি নাচে।
ওচৰ চাপি চাপি  নাহিবা, নাচনী,
 তোমাৰ গাত মোহনি আছে॥ ৬৮৯।