পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
জনকাব্য

ভঁৰালৰ আগতে  মইনাৰ তাঁতশালে
 চৰায়ে ছিঙিলে সূতা।
ফেকুৰি ফেকুৰি  নাকান্দা, মইনা,
 আনি দিম বজাৰৰ সূতা॥ ৬৮০।


পঞ্চত্ৰিংশ অধ্যায়

বিহুতলীৰ নাচনী কোন, সমনীয়া,
 বিহুতলীৰ নাচনী কোন।
বিহুতলীৰ নাচনী  আমাৰ সৰু ভনী,
 খোপাত গুজি- লৈছে সোণ॥ ৬৮১।

পোৱালি কাছৰে  চলং, লগৰীয়া,
 পোৱালি কাছৰে চলং।
কেনি পাৰ হব  আমাৰে নাচনী,
 দিখৌত নাইকিয়া দলং॥ ৬৮২।

কোনে দি-এ যাব  কাঠৰ দোৰপতি,
 কোনে দি-এ যাব মাকো।
কোনে দি-এ যাব  দিখৌৰ দলংখনি,
 কোনে দি-এ যাব সাঁকো॥ ৬৮৩।

ইটো পৰবতত  কুকুৰা কাটিলোঁ,
 সিটোত পৰিলেগৈ তেজ।
নাচনীৰ মূৰৰে  গুটি ফুলৰ গামচা,
 যেন ম’ৰা চৰাইৰ নেজ॥ ৬৮৪।