পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
বিহুৱতী

এড়িয়াৰ এখনি,  কপাহৰ এখনি,
 মই বোলোঁ বিহুলৈ যাওঁ।
ইয়ে নিলে এখনি,  সিয়ে নিলে এখনি,
 তাকে ঐ বিচাৰি যাওঁ॥ ৬৭৫।

চটাই পৰবতত  পহুৰ জাল পাতিলোঁ,
 অঠাইতে গধূলি হ’ল।
সমনীয়াই সুধিলে  কম কি-এ বুলি,
 জাল ফালি হৰিণা গ’ল॥ ৬৭৬।

চৰায়ে খাবৰ  ধান, সমনীয়া,
 উফৰি পৰিবৰ কণ।
অতি চেনেহৰে  আমাৰ বিহুতলীত
 গজিলে দুবৰি বন॥ ৬৭৭।

শিলে বালি চৰাই  গিলে, ঐ লগৰী,
 শিলে বালি চৰাই গিলে।
আৰু-বেলি বিহুখন  পাতিবলৈ নাপালোঁ,
 মটা মহ ৰখীয়া দিলে॥ ৬৭৮।

তাৱৰ চুৰিয়া  লেটাই নামাৰিবা,
 মাটিত নুবুলিবা শো।
কোনোবাই কৰবাত  কঁড়িয়াই মাৰিব,
 বাঁৰী দুখুনীৰ পো॥ ৬৭৯।