পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
বিহুৱতী

খুটিতে পৰিব জীয়াঁ  ঐ ককাইদেউ,
 খুটিতে পৰিব জীয়াঁ।
তললৈ মূৰকৈ  গুণিব নালাগে,
 চিকা ৰূপ উলিয়াই দিয়াঁ॥ ৬৩৫।

ঢোলকে বাবৰে  তিনিটি আঙুলি,
 মাজৰে আঙুলি লৰে।
কালিৰ-এ পৰা  ভাত নাইকিয়া,
 কাচুটি সুলকি পৰে॥ ৬৩৬।

এনেকৈ নাচিবি,  তেনেকৈ নাচিবি,
 তোকে ঐ কিহবাই পাব।
জীবটি যাবগৈ  যম ৰজাৰ থানলৈ,
 ভেলটি শগুনে খাব॥ ৬৩৭।

এইনো কি-এ মাহ,  কাতি, ঐ ককাইদেউ,
 এইনো কি-এ মাহ, কাতি।
আছে লিখা কপালত,  তোমাৰে চোতালত
 আমাৰ পুৱাই যাৰ ৰাতি॥ ৬৩৮।

গুৰুকো কৰিবা  দান, মোৰ দেউতা,
 ভকতক কৰিবা দান।
নমৰা কালতে  অ' ৰাম বুলিবা,
 তেহে পাবা বৈকুণ্ঠত থান॥ ৬৩৯।