পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
বিহুৱতী

কেৰেপা-কেৰেপি  ছিলিঙি দিয়ালোঁ,
 ওপৰে বগালে লতা।
চিৰিলি চিৰিলি দীঘলী বহলী
 পাতত পাণকটা কটা॥ ৫৫৩।

চম্পা গুৱামালী  আছে ফুলি ফুলি,
 গোন্ধতে মলয়া বলে।
নিলগৰ পৰা  সৰগৰ তৰা
 জানো বিমানত জ্বলে॥ ৫৫৪।

বকুল বন্দুলি  আছে ফুলি ফুলি,
 ফুলিছে মাধৈ মালতী।
জাতি যূথী জাঁই  মৰুৱা মধাই,
 টগৰ ৰাঙল সেউতী॥ ৫৫৫।

বটলে বটলে  গোন্ধ তেল ঘঁহিলোঁ,
মোলান দৈ ঐ, আহ যাওঁ ওমলোঁগৈ৷ ৫৫৬।

ঢোল ঢোল ঢোল।
মাদৈ মদাৰৰ ফুল॥ ৫৫৭।

 ফুল ফুল ফুল।
তোমাৰ নো কি জাতি কুল॥ ৫৫৭।

হুৰাই ল’ বিৰা-জৰা।
নাজিৰা হাটৰে ফুলৰ মলা॥ ৫৫৮।

হুচৰি এ চ’ত।
আমি যে ওমলোঁ য’ত, দুবৰি নগজে ত’ত॥ ৫৫৯।