পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
বিহুৱতী
 

অষ্টাবিংশ অধ্যায়

হুঁচৰি এ, হাওঁ হাওঁ।
দুই ঘৰৰ মাজতে গাওঁ॥ ৫৪১।

হুঁচৰি এ, হাওঁ হাওঁ।
পানীৰামে ভাঙিলে গাঁও॥ ৫৪২।

আকাশৰ দেৱতা  শুনা কাণ পাতি,
 আমি যে হুচৰি গাওঁ।
বিহুৰ বৰঙণি  আজি ভাল কৰি
 খুচৰি খুচৰি খাওঁ॥ ৫৪৩।

আজি বাৰ বছৰ  হুচৰি গোৱা নাই,
 ডিঙি চেং চেং কৰে।
ঢোলত ভাল কৰি  কোবকে নপৰে,
 কাষৰে-পাঁজৰে পৰে॥ ৫৪৪।

আকাশৰ দেৱতা,  শুনা কাণ পাতি,
 তালেও নিদিয়ে মাত।
ডিঙিটো খজালি  গাবলৈ ধৰিছোঁ,
 তেও জানো উঠিছে জাত॥ ৫৪৫।

আজি বাৰ বছৰ  হুঁচৰি গোৱা নাই
 হুঁচৰি ভটিয়াই গ’ল।
হাত মেলি মেলি  নাচিব খুজিছোঁ,
 কঁকাল মূৰ ঠৰঙা হ’ল॥ ৫৪৬।