পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
বিহুৱতী

সপ্তবিংশ অধ্যায়

হুচৰি বাই ঔ, দলৌ চৰাই।
তামোল ঠুকি, পাণ গুছি, ৰূপৰ শৰাই॥ ৫২১।

হুচৰি বাই ঔ, চেপা নিলে চোৰে।
কেনেকৈনো পাতিছিলি বাপেৰ-পুতেৰে॥ ৫২২।

হেচি হেচি পাতিছিলোঁ চপৰা দলি দি।
চোৰ শনিয়ে লৈ গল, মই কৰিম কি॥ ৫২৩।

হুচৰি বাই ঐ, গৰু নিলে চোৰে।
কেনেকৈনো বান্ধিছিলি বাপেৰ-পুতেৰে॥ ৫২৪।

বান্ধিছিলোঁ বান্ধিছিলোঁ গলগাঁঠি দি।
চোৰ শনিয়ে লৈ গল মই কৰিম কি॥ ৫২৫।

হুচৰি বাই ঐ, ধন নিলে চোৰে।
কেনেকৈনো থৈছিলি বুঢ়ী মামীয়েৰে॥ ৫২৬।

থৈছিলোঁ থৈছিলোঁ, দুৱাৰ-চুকত।
চোৰ শনিয়ে লৈ গল চুৰিয়া কোঁচত। ৫২৭।

হুচৰি বাই ঐ, জপা নিলে চোৰে।
কেনেকৈনো থৈছিলি বুঢ়ী মামীয়েৰে॥ ৫২৮।

থৈছিলোঁ থৈছিলোঁ নাওৰা তলত।
চোৰ আহি লৈ গল দিন দুপৰত॥ ৫২৯।

হুচৰি বাই ঔ, লৰা নিলে চোৰে।
কেনেবাকৈ শুৱাইছিলি মাৰে-বাপেৰে॥ ৫৩০।