নৈৰ ধাৰে ধাৰে গলি তই, মইনা,
পানীৰ ধাৰে ধাৰে গলি।
মইনা, মইনা বুলি মাতোঁ তিনি বেলি
উভতি নোচোৱা হলি॥ ৪৯১।
ধনৰ ছেওমণি বটিয়া পুৰণি,
মহৰ শিঙৰ হাকোটাত থলোঁ॥
নিগনি শলিয়াই শতুৰু শালিলে,
ধনৰ লগত আতাৰি হলোঁ॥ ৪৯২।
লুইতৰ শুৱনী মাজুলি চাপৰি,
আকাশৰ শুৱনী তৰা।
কোনটো চিতেৰে আমাকে এৰি থৈ
খালা দোৱা-ভজা চিৰা॥ ৪৯৩।
বাৰীৰ পিছ ফালে কজলা উৰহী,
পাতে তিৰবিৰ কৰে।
তোমাৰ বাতৰি নাপাই ভালকৰি
শোকে খুন্দা মাৰি ধৰে॥ ৪৯৪।
ধনক ভাবি-গুণি নধৰে টোপনি,
থাকোঁ মই লঘোণে শুই।
ৰাতিৰে ৰাতিটো কৰোঁ ছাটিফুটি,
শৰীলত জ্বলেহি জুই॥ ৪৯৫।
বকুল বৰা ধানৰ আখৈ ভাজিছিলোঁ
ছপোৱা গাখীৰৰ দৈ।
তুমি যে নহলে খাবকে নোৱাৰোঁ,
থাকোঁ মই আগতে লৈ॥ ৪৯৬।
হাবিৰ লতা-পাতে বালিকে ভেটিলে,
বেলিয়ে মেলিলে ঠেং।
তোমাৰে ঘৰলৈ যাবকে নোৱাৰোঁ
বাটত দিলা বগৰি জেং॥ ৪৯৭।
ধনহীন দেখিলি মোক তই, বান্ধৈ ঐ,
বিতহীন দেখিলি মোক।
লুটিটোৰ বাগৰত হেৰায় যেন দেখিলি
কাক পাই এৰিলি মোক॥ ৪৯৮।
পুখুৰী থাকোঁতে পুখুৰী খনালি,
মটা হাঁহ চৰাবৰ মনে।
এজনী থাকোঁতে এজনী আনিলি,
সতিনী খাটিব কোনে॥ ৪৯৯।
টিনপাতৰ টিঙিৰি জুই তই, লাহৰী,
টিনপাতৰ টিঙিৰি জুই।
দপ্ দপ্ জ্বলিছে, পানী-হিলৈ ফুটিছে,
টোপনি নধৰে শুই॥ ৫০০।
পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১১৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
জনকাব্য