পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
জনকাব্য

পঞ্চচত্বাবিংশ অধ্যায়

মৰ নৈ শুকালে  মাছৰ বেজাৰত,
 লুইত শুকাই মৰে কিয়৷
আমি যে খীণালোঁ  তোমাৰে সন্তাপত,
 তুমি শুকাই মৰা কিয়॥ ৪৮১৷

নৈ লৈ হালিছে  নদালী ভলুকা,
 হালে পথাৰলৈ কাক৷
বুকুৰে কামিহাড়   হ’ল ডালি ডালি,
 কালৈ চিতা কৰি থাক॥ ৪৮২৷

তোৰ ঘৰ সিপাৰে, মোৰ ঘৰ ইপাৰে,
 মাজত বৰতানি হাবি৷
খৰি শুকুৱাদি  শুকালি লাহৰী,
 কাক দিনে ৰাতি ভাবি॥ ৪৮৩৷

ভাত খাই গ’লা  তপতে তপতে,
 খুটি থৈ গলা চুকত৷
যাবৰ বেলিকা  মাত নলগালা,
 কথা থৈ গলা বুকত॥ ৪৮৪৷

ভাত খাই যোৱা নাই  তপতে তপতে,
 খুটি থৈ যোৱা নাই চুকত৷
যাবৰ বেলিকা  মাত লগাইছিলোঁ,
 নপৰিল তোমাৰ কাণত॥ ৪৮৫৷

ধনসিৰি ভেটিলে  জেঙে-জাবৰে
 সোৱণসিৰি ভেটিলে কোনে॥
একেখন হাঁচটিত  তামোল খাই আহিলোঁ
 তাৰো মন ভঙালে কোনে॥ ৪৮৬৷

কোনেও ভঙা নাই,  কোনেও ছিঙা নাই,
 আপুনি বিগৰিল মন৷
মূৰ-গা ধুবলৈ  ঘিলা খুজিছিলোঁ
 সিওনো কিমানৰ ধন॥ ৪৮৭৷

মাহৰ বান্ধি গলোঁ  টোপোলা-টাপলি,
 ঘিলাৰ বান্ধি গলোঁ ফাক৷
উজনি নামনি  আমাৰে শতুৰু,
 ঘিলা দি পঠিয়াওঁ কাক॥ ৪৮৮৷

আগেয়ে আছিলোঁ  দালিমৰ পোহাৰী,
 সদৌৱে বুলিছিল বাই৷
দালিম সৰি গ’ল,  যৌবন পৰি গল,
 এতিয়া সোধোঁতা নাই॥ ৪৮৯৷

লুইতে নাযাবা  বালি, ঐ বাইটী,
 লুইতে নাযাবা বালি৷
পুৰুষৰ কথাকে  নলবা, বাইটী,
 তিৰি হৈ জন্মিছোঁ আমি॥ ৪৯০৷