পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
জনকাব্য

গধূলিৰ-এ পৰা  পুৱালৈ লগালোঁ
 এপোৱা তেলৰ চাকি।
তোমাক লাহৰী,  দিবলৈ নাপালোঁ,
 দেহাতে দেহাটি বাকি॥ ৪৭১।

চুলিৰে আলৈ ঐ,  চুলিৰে বিলৈ ঐ,
 থাকোঁ চুলি পাৰি শুই।
তামোলটি হব যেন  ফালি দেখুৱাম ঐ,
 শৰীলত কিমানৰ জুই॥ ৪৭২।

দীঘলী বজাৰৰ  পাভ মাছ আনিলা,
 পকা নেমু দিয়ে ৰান্ধো।
আগত ভাত বাঢ়ি,  হুমুনিয়া কাঢ়ি
 বুকু ভুকুৱাই কান্দো॥ ৪৭৩৷

পৰ্বতে পৰ্বতে  খালোঁ বিৰা জৰা,
 খোপাত গুজি নিছিলোঁ লোণ।
হাড়ৰ মাজে মাজে  সুমুৱাই আনিছোঁ
 সৰুটি চেনাইৰে গুণ॥ ৪৭৪।

গা ধুই শালিকী  ৰ’দতে জিৰালে,
 ছাঁতে জিৰালে গৰু।
সৰুৰ-এ পৰা  পিৰিতি কৰিলোঁ,
 এতিয়া কেনেকৈ এৰোঁ॥ ৪৭৫।

খাওঁ সুমথিৰা,  গোন্ধায় বিৰা জৰা,
 জেনেৰু চকলা জিম।
মোৰ ধন আছেগৈ  নেদেখা ৰাজতে,
 কাৰেনো বাতৰি দিম॥ ৪৭৬।

তিল ফুল পাহি যেন  নাকটি তোমাৰ ঐ,
 তোমাৰে কঁকালটি চিয়াঁ।
মনতে ভাঙিলোঁ,  মনতে পাঙিলোঁ,
 বহাগত পাতি যাম বিয়া॥ ৪৭৭।

শতৰুৰ কথাকে  নলবা, লাহৰী,
 সি কথা আমাৰে যম৷
যত আশা কৰা  পাম-খাম-এ বুলি,
 সি আশা কৰিব ভঙ্॥ ৪৭৮৷

শতৰুৰ শতুৰুৰ কথাকে  নলওঁ নলওঁ বুলি
 শতৰুৰ কথাকে ল’লা।
আমাকে আঁৰকৈ  শতৰুক লগত লৈ
 তামোল কাটি অকলে খালা॥ ৪৭৯।

এই চ’ত মহীয়া  নাহৰ ফুল ফুলিলে,
 ফাগুনত পেলাইছিল কলি।
কিনো দায় জগৰ  লগালোঁ, লাহৰী,
 চকুলৈ নোচোৱা হলি॥ ৪৮০।