ডালত ওলমা ফুলৰ তলত
ৰঙেৰে থাকিম মই;
বসন্ত গলেই উলাহেৰে ময়ো
উৰি উৰি যামগই।”
এৰিয়েল্ মানুহ নহয়, মানুহৰ ৰূপ ধাৰণ কৰিছিল মাথোন; পাছে অসমীয়া চহা-
কবিয়ে তেজ-মঙহৰ শৰীৰ হৈও সেই শক্তিতকৈ হীন উলাহেৰে উৰা মৰা নাই-
“হাঁহ হৈ চৰিমগৈ তোমাৰ পুখুৰীত,
পাৰ হৈ পৰিমগৈ চালত।
ঘাম হৈ সোমামগৈ তোমাৰ শৰীৰত,
মাখি হৈ চুমা দিম গালত॥
ইংৰাজ কবি কুপাৰৰ নিৰ্জন দ্বীপবাসী ছেল্ কাৰ্কেও—
“সমাজ, বন্ধুত্ব, আৰু প্ৰণয়-বান্ধোন,
আশিস-নিৰ্মালি দেৱতাৰ;
কপৌৰ দুখনি পাখি থকা হলে মোৰ
ললোঁ হয় স্বাদ ঘূৰি তাৰ।’
বোলোঁতে কল্পনাৰ সিমান সবল ডেউকাৰে যেন উৰা মাৰিব পৰা নাই।
অসমীয়া ডেকা-গাভৰুৰ জাত-কুলৰ প্ৰভেদটোতকৈ শেক্সপীয়েৰৰ কেপুলেট আৰু মন্টেগু পৰিয়ালৰ বিৰোধটো গুৰুতৰ হব নোৱাৰে; পাছে, য’ত ইংৰাজ গাভৰু জুলিয়েটে এটা ভৰি নাৱত আৰু এটা ভৰি বামত দি প্ৰেমিকাক কৈছে- ‘ৰমিও, ৰমিও, তুমি ৰমিও কিয়নো? প্ৰত্যাখ্যান কৰাঁ তুমি পিতাৰাৰ নাম, আৰু নিজ নাম; নহলে বা, অঙ্গীকাৰ কৰা মোৰ পতি হবা বুলি, কেপুলেট নাম তেৱে ময়ে তিয়াগিম।’ তাৰ ঠাইত অসমীয়া গাভৰুৱে স্বাৰ্থৰ এফেৰিও খুকুৰি নাৰাখি কৈছে—
তোমাৰে লগতে মৰোঁ যদি মৰিম ঐ,
এৰি যাম নিজৰে কুল।”
এনে অলেখ বিতোপন গীত যে অসমৰ আকাশে-বতাহে উৰি ফুৰিছে, তাকে
দেখুৱাবলৈহে এই গীতৰ থুপিটি ৰাইজক জয়ে জয়ে উপহাৰ দিয়া হল।
গুৱাহাটী : ১২ পুহ, ১৮৪৪; ২৮ ডিশেম্বৰ, ১৯২২।
⸻⸻