আমাৰ ঘৰ ইপাৰে, তোমাৰ ঘৰ সিপাৰে,
মাজত কুঁহিয়াৰৰ বাৰী।
আহোঁ বুলি নাহিলা, তামোলখন কটালা,
সান্দহ-চিৰা কৰালা বাহি॥ ৪৫১।
নৈৰ ঘূৰণীয়া, মূৰ ফুৰণীয়া,
আনি দিয়া জুৰনি খাওঁ।
ধন মোৰ যোৱাঁগৈ দুৱাৰ মেলি দিয়াঁগৈ,
আমি ভিতৰলৈ যাওঁ॥ ৪৫২।
ভৌ ভৌ কৰি ভুক, তই ভতুৱা,
দেখিলি কোন দেশৰ চোৰ।
শতৰু নিচিন, মিতিৰো নিচিন,
দেহীটীক নিচিন মোৰ॥ ৪৫৩।
কাঁহৰ বাটিটি ঘিটিঙাই বাজিলে,
নাজানি বুলিলোঁ কোন।
আহিব দিলোঁ মই ফুটকৈ গধূলি,
ভটিয়াই গলগৈ জোন॥ ৪৫৪।
কাউৰীৰ শতৰু মুগাকৈ চুঙীয়া,
পৰিব নিদিয়ে গছত।
আমাৰ শতুৰু আই কৈ বোপায়ে
ফুৰিব নিদিয়ে পৰত॥ ৪৫৫।
আয়ে মাতিলে গাজৰে-গাথৰে,
ককায়ে কলিজা খায়।
তাৰে পাছতে চেনায়ে মাতিলে
শৰীৰ জুৰ পৰি যায়॥ ৪৫৬
বোপাইৰে শপনি পঁইতা-পোতনি,
চাঙৰে আঠিয়া কল।
খাই ল, খাই ল, তই ঐ পিলিঙা,
কঁকালত বন্ধাই ল বল॥ ৪৫৭।
তোমাৰ তিনিখনি, আমাৰ তিনিখনি,
ছখনি কাপোৰৰ জাপ।
তোমাৰ তিনিখনি লোৱাঁ বাচি-কুচি,
শুনিছোঁ কুকুৰাৰ ডাক॥ ৪৫৮।
ডালৰে গোলাপ ঢোপাত মৰহিলে,
ঘিলা মাৰ গ’ল ফাকত।
তোমাৰে আমাৰে কথা মাৰ গল,
প্ৰথম কুকুৰাৰে ডাকত॥ ৪৫৯।
কুকুৰা, কুকুৰা, অজাতি কুকুৰা,
ভুকুৱাই মাৰি যাওঁ তোক।
ৰাতি নৌ পুৱাওঁতে কিয় ডাক দিলি,
দেহীটীয়ে এৰি গল মোক॥ ৪৬০।
পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১০৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
জনকাব্য