পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
জনকাব্য

(ছ) অভিসাৰ

ত্ৰয়োবিংশ অধ্যায়

কলৈ যাৱ কলীয়া,  গধূলি বেলিয়া,
 মোক গৰু-বাটত থৈ।
মায়া-ছলনাৰে  ছলিলি কলীয়া,
 কালিন্দ্ৰী ভোমোৰা হৈ॥ ৪৪১।

নাও হল এলেঙী,  তামোলৰ সেলেঙি,
 টিঙত হল আঁকোৰা দৈ।
ৰাজ আলিবাটত  মানুহে দেখিব,
 থাকিম কেনেকৰি ৰৈ॥ ৪৪২।

নঙলা, নঙলা,  পধূলিৰ নঙলা;
 দিয়াঁ বাট, লাহৰী, যাওঁ।
অতি চেনেহেৰে  লাহৰী মাতেৰে,
 দিয়া তামোল কাটি খাওঁ॥ ৪৪৩।

আই থাকে আখলত,  ভাই থাকে চোতালত,
 তুমি থাকা ভৰালৰ মূধত।
বোপাই বাৰীত থাকে,  ককাই বাটত থাকে,
 সোমালা কোন বা পাকত॥ ৪৪৪।

গাতে গা লাগিলে,  তোৰ ককায়েৰে
 পদূলিত আছিলে ৰৈ।
ফালৰি কাটি দি  সৰকি আহিছোঁ,
 কালিন্দ্ৰী ভমৰা হৈ॥ ৪৪৫।

অনা-বতাহতে  লৰিল থুৰিপাত ঐ,
 মাটি সবলৰ লাই।
ক’ৰ বায়ু ছা  বুলি ককায়েৰে
 এবেলা আছিল চাই॥ ৪৪৬।

লাহৰী বুলিয়ে  নাহৰে মাতিলে,
 হেপাহত মুখলৈ চাই।
কেলৈ আহিলা,  ধুনীয়া নাহৰ ঐ,
 চৰুতো পঁইতা নাই॥ ৪৪৭।

ছাটিৰে পানীৰে  চেলেং তিতি গল,
 দুৱাৰ মেলি দিয়া সোমাওঁ।
জাৰো লাগিছে,  বতাহ লাগিছে,
 জুই ধৰি দিয়া ফুৱাওঁ॥ ৪৪৮।

খৰি আনি দিয়া  ধনক, ঐ লিগিৰা,
 জুই ধৰি দিয়া ফুৱাওঁ।
গাখীৰৰ টেকেলি  নমাই আনি দিয়াঁ,
 ধনক আখৈ-চিৰা খুৱাওঁ॥ ৪৪৯।

শোৱনীত দেখিলোঁ  সোণৰ খাট-পালেং,
 মজিয়াত চামৰে পিৰা।
গেলা-পঁইতা মুঠি  বিচাৰি আহোঁতে,
 পালোঁ দোৱা ভজা চিৰা॥ ৪৫০৷