পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পাছে, ইহাতে, হাজাৰো এই গীত-মাতবোৰ এনে আওহতীয়া চুকত সোমই থাওক, বাহিৰৰ কোলাহল আৰু সাল-সলনিৰ একোটি খীণ প্ৰতিধ্বনি গৈ তাতো সেইবোৰক নোজোকোৱাকৈ থকা নাই; আৰু সেইবোৰেও ঘূৰি ইয়াক ঠাই এৰি নিদি পৰা নাই। এনে হোৱাই সম্পূৰ্ণ স্বাভাৱিক; কিয়নো ভাষাৰ গঢ়ৰ এনে অলপ-অচৰপ সালসলনিৰ পৰাইহে, অৰ্থাৎ এখন সমাজ আৰু এটা জাতিৰ ওপৰৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাৱৰ সাঁচৰ পৰাইহে, তাত বুৰঞ্জীৰ উঁহ উলিয়াব পৰা হয়। অসম যেতিয়াই নানা বিদেশী আক্ৰমণ আৰু শাসনৰ সংস্পৰ্শত আহিছে, তেতিয়াৰে পৰা আমাৰ ভাষাত সেইবোৰ মানুহৰ ভাষাৰ শব্দ সোমাই তাতে লাহে লাহে মজি গৈ আমাৰ ভাষাৰ সম্পদ বঢ়াইছে; তাৰ চিন স্বৰূপে, টাইম্, অফিছ, আফিল্ আদি ন ন শব্দ আমি পাইছোঁহঁক। পোনতে যেতিয়া ইংৰাজসকল ইষ্ট্ ইণ্ডিয়া কম্পেনীৰ বেপাৰী আছিল, তেতিয়াৰে পৰা ইংৰাজ ৰাজত্বক কুম্পানীৰ দিন আৰু তেওঁলোকৰ বস্তুক কুম্পানীৰ বস্তু বুলি কোৱা হয়। বনঘোষাতো আমি বহুত তেনে শব্দ পাইছোঁহঁক; যেনে, ভাটিলৈ ভটিয়াই যামগৈ, লাহৰী, নাথাকোঁ কুম্পানীৰ দেশত’। আকৌ, বিদেশী যেই সেই লোককে অসমীয়া সাধাৰণ মাত-কথাত “বঙাল” বোলা হয়; আৰু সেই অনুসাৰেই অসমত ইংৰাজ আমোলৰ আৰম্ভত অহা হিন্দুস্থানী ছিপাহীক “ৰণুৱা বঙাল্” (আৰু স্বয়ং শ্বেতাঙ্গসকলক “বগা বঙাল্”) বোলা হয়; যেনে,

“মাৰক ধৰি নিলে ৰণুৱা বঙ্গালে, কান্ধতে বন্দুকটো দি।”

 কোনো বিৰাট সাহিত্যই যিদৰে জাতীয়তাত বান্ধ খাই নাথাকে আৰু মনুষ্যত্বৰ বিনে একোৰে বাধা নামানে; অসমীয়া এই বন-ঘোষাবোৰো সিদৰে একাধাৰত যেনেকৈ জাতীয় তেনেকৈ বিশ্বজনীনো। সেইদেখি ইয়াৰ অতি সৰহখিনি গীতে, অকল অসমীয়াৰে নহয়, সদৌ বিশ্ব-মানৱৰ হৃদয়-দুৱাৰত খুন্দিয়াব যে সন্দেহ নাই। শেক্সপীয়েৰৰ ৰমাঞ্চ্, ইউৰপৰ ৰমাঞ্চ্, তাৰ গছৰ ছাল- বাকলিত প্ৰেম কবিতা লিখা আছিল। কিন্তু অসমীয়া চহা-কবিৰ ৰমাঞ্চ্, অসমৰ ৰমাঞ্চ, সেইবোৰতকৈ কোনো গুণে হীন নোহোৱা প্ৰেম-কবিতা অসমৰ হাবিয়ে- নিয়ে, আকাশে-বতাহে “কমোৱা তুলাবোৰ যেনেকৈ উৰিছে, তেনেকৈ উৰি” ফুৰিছে। শেক্সপীয়েৰৰ “ধুমুহা” নাটকত এৰিয়েলে গাইছে—

‘মৌ-মাখি সৈতে  কৰা মউ পান,
  ফুলৰ বুকুত পৰোঁ;
নিয়তি পখীৰ  মাত শুনি শোওঁ,
  বাদুলি বোকোচা’ উৰোঁ।