সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৮৮]

বুজিব পাৰি, তেওঁৰ গুৰু-ঘৰ কমলাবাৰী সত্ৰত পাৰ্থিব শৰীৰ পেলাবলৈ মনতে থিৰ কৰি, নাৱেৰে কমলাবাৰীলৈ গুচি গল। তেওঁৰ পুতেকহঁতে তেওঁৰ নৰীয়া বাঢ়িব বুলি ভয় কৰি, সেই সময়ত ঘৰ এৰি কষ্ট কৰি কমলাবাৰীলৈ ডাঙৰীয়াৰ যোৱাটো উচিত নহয় বুলি আপত্তি কৰিছিল; কিন্তু ডাঙৰীয়াই সেই আপত্তিলৈ কাণ নকৰি, নিজৰ মনৰ সংকল্পৰ পৰা বিচলিত নহৈ, আন বন্ধু মানুহৰ দ্বাৰাই নাও-দুনিৰ বন্ধৱস্ত কৰাই লৈ কমলাবাৰী পালেগৈ। কমলাবাৰী সত্ৰত তেওঁ কুৰি পচিশ দিন থাকি, নিজগুৰু, ভকত, বৈষ্ণৱ আৰু স্ত্ৰী পুত্ৰাদিৰে পৰিবৃত হৈ, অন্তকালৰ সকলো কৰ্ত্তব্য কাৰ্য্য সমাপন কৰি, শেহলৈকে সজ্ঞানে থাকি, ঈশ্বৰৰ নাম উচ্চাৰণ কৰি, একান্ত চিত্তে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি, ১৮১৭