এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৮৩]
দ্বিতীয়জনাৰ গৰ্ভত সাতজন লৰা আৰু দুজনী ছোৱালী হয়। ডাঙৰীয়া জীয়াই থাকোতেই তিনিজন লৰাৰ আৰু তিনিজনী ছোৱালীৰ মৃত্যু হয়। সুপ্ৰসিদ্ধ ডাক্তৰ গোলাপচন্দ্ৰ বেজবৰুৱা এল, আৰ, চি, পি,; এল, এফ, পি, এচ, তেওঁৰ বৰজনা ভাৰ্য্যাৰ চতুৰ্থ পুতেক আছিল। জোৰহাটৰ সাৰ্ব্বজনিক সভা সংস্থাপক আসাম গৌৰব ৰায় জগন্নাথ বৰুৱা বাহাদুৰৰ সেই কাৰ্য সোঁহাত, আৰু চিকিৎসা বিদ্যাত সুনিপুণ ব্ৰজনাথ বেজবৰুৱা তেওঁৰ প্ৰথম পুতেক আছিল। তেওঁৰ দ্বিতীয়জনা সহধৰ্ম্মণীৰ প্ৰথম পুতেক: - বিখ্যাত "এডুকেচনিষ্ট ” ( শিক্ষাৰ ব্যৱস্থাপক ) শ্ৰীযুক্ত গোবিন্দ বেজবৰুৱা, যি মিষ্টৰ জি, বেজবৰুৱা নামেৰে সকলোৰে ওচৰত চিনাকী। ডাঙৰীয়া জীয়াই থাকোতেই তেওঁৰ প্ৰথমজনা ভাৰ্য্যা