সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৭৬]

অন্যায় বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল। বঙ্গদেশৰ সৰহখিনি কবিৰাজৰ কথাকে নকওঁ, আসামৰো অনেক বেজে নিজৰ ব্যৱসায়ৰ সুবিধাৰ নিমিত্তে দৰবত কৃত্ৰিমতা কৰে; যেনে, সোণৰ অভাৱত স্বৰ্ণমাখি দিয়ে, অৰ্থাৎ জানিবা মধুৰ অভাৱত গুৰ দি গ৷ সাৰে। দীননাথ বেজবৰুৱা ডাঙৰীয়াই যদিও বেজৰ ব্যৱসায় চলাই অৰ্থোপাৰ্জ্জন কৰিছিল তথাপি সৰ্ব্বসাধাৰণক আৰু ঘাইকৈ দুখীয়া মানুহক বেচ নোলোৱাকৈ দৰব দিছিল আৰু চিকিৎসা কৰিছিল। তেওঁ যি দৰব কৰিছিল তাৰ সৰহভাগ সৰ্ব্বসাধাৰণক বেচ নোলোৱাকৈ বিলাওঁতেই গৈছিল। ডাক্তৰ আৰু আন বেজে ভাল নহয় বুলি এৰি দিয়া অনেক ৰোগীক তেওঁ দৰব দি নৰীয়া চাই ভাল কৰিছিল। এবাৰ পিতৃদেৱতা কলিকতালৈ আহোতে, কলি-