এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৭৪]
হোৱাৰ ঘাই কাৰণ, ধৰ্ম্মশাস্ত্ৰত তেওঁৰ প্ৰগাঢ় পাণ্ডিত্য আৰু বহুদৰ্শিতা। সেই দুটা গুণ তেওঁৰ গাত থকা বাবে তেওঁ চিন্তা কৰি শাস্ত্ৰৰ ব্যৱস্থা বিলাকৰ প্ৰকৃত মৰ্ম্ম আৰু উদ্দেশ্য বুজিব পাৰিছিল; আৰু সেইবাবে তেওঁ আন অনেক “গোৰা হিন্দুৰ” দৰে ঠৰঙা হৈ নাথাকি, নতুন অৱস্থা আৰু নতুন কালেৰে সৈতে নিজক মিলাই সামঞ্জস্য কৰি লব পাৰিছিল। আমি ওপৰত কৈ আহিছোঁ, যে গুৰিতে তেওঁ বামুণ সজ্জনৰ সন্তানসকলক ম্লেচৰ ভাষা ইংৰাজী শিকিবলৈ দিয়াৰ ঘোৰ বিৰোধী আছিল; কিন্তু লাহে লাহে যেতিয়া তেওঁ ইংৰাজী শিক্ষাৰ উপকাৰিত| বুজিলে, তেতিয়া তাক নিজেও শিকিবলৈ চেষ্টা কৰিছিল, আৰু নিজৰ লৰাহঁতকো শিকিবলৈ দিছিল। তেওঁৰ জীৱনৰ শেহ ডোখৰত তেওঁ নিজে পৰিশ্ৰম কৰি নিজৰ খৰচত