সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৭৩]

নমৰালৈকে ডাঙৰীয়াই মাহে মাহে পেন্সন দিয়া আমি দেখিছিলোঁ। ডাঙৰীয়াৰ ঘৰৰ বান্দীৰ লৰাই,ডাঙৰীয়াৰ লৰাক “পিৰেম্বোলেটৰ” গাড়ীত উঠি ফুৰা দেখি কন্দা বাবে, বান্দীৰ লৰালৈকে৷ ডাঙৰীয়াই কাঠৰ ঘিলা দিয়া গাড়ী কৰাই দিয়া আমি দেখিছিলোঁ।

 পুতেকহঁতলৈ যদিও ডাঙৰীয়াৰ বৰ মৰম চেনেহ আছিল তথাপি তেওঁ তেওঁলোকক কঠোৰ শিক্ষা সংযম আৰু শাসনৰ তলত ৰাখিছিল। তেওঁলোকে তেওঁৰ আগত তুৰি-মূৰি কৰিব নোৱাৰিছিল আৰু অবাটে যাব নোৱাৰিছিল।

 ধৰ্ম্ম আৰু সমাজ বিষয়ে তেওঁৰ মত আৰু বিশ্বাস যদিও কট্‌কটীয়া আছিল, তথাপি সি যে স্থল-বিশেষে একেবাৰেই লেতুসেতু আৰু উন্নতিশীল নাছিল এনে নহয়। ডাঙৰীয়াৰ মনটো উন্নতিশীল