সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৭২]

দেখিলে তেওঁ বিৰক্ত হৈছিল। ডাঙৰীয়াই দেখাকৈ কোনেও বৰষি বাই মাছ ধৰিব নোৱাছিল, আৰু হিলৈ, কাড়, বা বাতলু-গুটিৰে চৰাই পহু মাৰিব নোৱাৰিছিল। আন কি, বজাৰৰপৰা লগুৱাই মাগুৰ কাৱৈ আদি জীয়া মাছ ঘৰলৈ অনা ডাঙৰীয়াৰ চকুত পৰিলে, সেই মাছ তেওঁ তৎক্ষণাত পুখুৰীত বা নৈত মেলাই দিয়াইছিল।

 ডাঙৰীয়াৰ ঘৰত লগুৱাৰ কাম কৰি বুঢ়া হোৱা আৰু ডাঙৰীয়া গবৰ্ণমেণ্টৰ চাকৰীত থাকোঁতে তেওঁৰ লগত অনেকদিন টেকেলা বা ছাপৰাচীৰ কাম কৰোঁতা মানুহক তেওঁ যাবজ্জীৱন দুই চাৰি টকাকৈ পেন্সন দিছিল; আৰু সেই বিষয়ত হিন্দু আৰু মছলমানক তেওঁ সমান চকুৰে দেখিছিল। নদাই নামে হিন্দু টেকেল৷ এটাক, আৰু হায়েৎ নামে মছলমান ছাপৰাচী এটাক সিহঁত