সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৭১]

শুনিলেও তেওঁৰ মন ব্যথিত হৈ পৰিছিল। লেখকৰ মনত আছে, তেওঁ এবাৰ পিতৃদেৱতা ডাঙৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত নাৱেৰে উজাই যাওঁতে, নৈৰ পাৰৰ মিৰি গাৱঁৰপৰা কোনোবা মিৰিব লৰাৰ কান্দোন ডাঙৰীয়াৰ কাণত পৰিলত ডাঙৰীয়াই সেইখিনিতে নাও ৰখাই, মিৰি গাৱলৈ মানুহ পঠিয়াই দি সেই লৰা নকন্দুৱালৈ কোৱাই পঠিয়াইছিল।

 জীৱৰ প্ৰতি দয়াৰ ভাব তেওঁৰ মনত ইমান প্ৰবল আছিল যে জীৱহিংসা কৰাটো তেওঁ সমূলী সহিব নোৱাৰিছিল। তেওঁ ঘৰৰ কাকো কেতিয়াও মাছ পহু চৰাই আদি জন্তু মাৰিব নিদিছিল, আৰু লুকাই-চুৰকৈ কোনোবাই তেনে কৰা গম পালে সেইজনৰ ওপৰত বৰ ক্ৰোধ প্ৰকাশ কৰিছিল। আন মানুহেও চৰাই পহু আৰু মাছ মৰা