এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৮]
"নামাৰিব গালে, নধৰিব চুলে, চৰণেৰে প্ৰহাৰ নকৰিব কোনো কালে,” এই “গুৰু-বাইক” ডাঙৰীয়াই যতনেৰে পালন কৰিছিল, আৰু লোককো পালন কৰিবলৈ দঢ়াই দঢ়াই কৈছিল। আগৰ কালৰ গৱৰ্ণমেণ্টৰ ঘৰত চাকৰী কৰোঁতা অসমীয়া বিষয়াসকলৰ ভিতৰত, গুচৰীয়া পদকীয়াৰপৰা ভেটী খোৱা দস্তুৰ যে প্ৰচলিত নাছিল এনে বুলিব নোৱাৰি; কিন্তু ডাঙৰীয়া দীননাথ বেজবৰুৱাই সেই দস্তুৰ বৰ ঘিণ কৰিছিল, আৰু সেই কলঙ্কই তেওঁক কেতিয়াও নপৰশিছিল। স্বৰূপতে কবলৈ গলে, তেওঁৰ নিচিনা নিৰ্দোষ আৰু নিৰ্ম্মল চৰিত্ৰৰ লোক অতি বিৰল; আৰু সেই নিমিত্তে তেওঁৰ যশষ্যাৰ সৌৰভ আসামত চাৰিউফালে বিয়াপি পৰিছিল।
ৰাম কৃষ্ণ নামামৃত পানত তেওঁ মতলীয়া