এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৭]
কৈছিল, “সদাচাৰে মুক্তি, অনাচাৰে সংসাৰ।” কোনে৷ ৰাগী লগা বস্তু তেওঁৰ ওচৰ চাপিব নোৱাৰিছিল। কোনো প্ৰকাৰৰ ধপাত তেওঁ নাখাইছিল; বৰং লোককো ধপাত থোৱা দেখিলে তেওঁ খং কৰিছিল। হোকা আদি ধপাত খোৱা যতন তেওঁৰ ঘৰত সোমাব নোৱাৰিছিল; আন কি, তেওঁৰ টোলৰ ভিতৰত থকা কেনো মানুহক আৰু ঘৰৰ লগুৱা লিক্চৌক ধপাত থোৱা তেওঁ দেখিলে দাবি-হুকি দি সিহঁতৰ হোক| ভঙ্গাই পেলাইছিল। ভাং, কানি, ধপাতক তেওঁ “সাত সুৰাৰ” লগৰ এক সুৰা বুলি ধৰিছিল। মদাহী মানুহৰ ওপৰত তেওঁ খড়্গহস্ত আছিল, আৰু মদাহীক সহজে ক্ষমা নকৰিছিল। মদাহী, বেশাশক্ত আৰু অগম্যাগমনকাৰীৰ প্ৰতি তেওঁৰ বিচাৰ আৰু শাস্তি কঠোৰ আছিল।