এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৬]
দেৱ, মাধৱদেৱ, আৰু আতাসকলৰ জীৱন চৰিত্ৰ তেওঁৰ ওঠৰ আগত আছিল। ভাদ মহীয়া তিনি কীৰ্ত্তনৰ অন্তৰ দিনা তেওঁ চৰিত্ৰ তুলিবলৈ বহি অনৰ্গল সুৱলাকৈ সেই মহাপুৰুষসকলৰ জন্মৰ পৰা “বৈকুণ্ঠ প্ৰয়াণ” পৰ্য্যন্ত জীৱন চৰিত্ৰ মনৰ পৰা এনেকৈ কৈছিল যে শ্ৰোতাসকলে শুনি আচৰিত মানিছিল। মহাপুৰুষীয়া সত্ৰৰ গোসাঁই, মহন্ত, ভকতসকলেও ডাঙৰীয়াৰপৰা শঙ্কৰদেৱ মাধৱদেৱৰ চৰিত্ৰ শুনি শিকিছিল বুলি আমি ওপৰত কৈ আহিছোঁ।
বেজবৰুৱা ডাঙৰীয়াৰ চৰিত্ৰ বৰ নিৰ্ম্মল আৰু শুদ্ধ আছিল। সদাচাৰ তেওঁৰ প্ৰধান লক্ষণ আছিল। অপবিত্ৰ বস্তু, অশুচী কাৰ্য্য আৰু নীতিবিগৰ্হিত আচৰণৰ পৰা তেওঁ আপোনাক অনেক আঁতৰত ৰাখিছিল। তেওঁ সদায়