সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬১ ]

আৰু প্ৰফুল্ল মনেৰে ইহসংসাৰ পৰিত্যাগ কৰিলে,যে দেখি আমাৰ মনত হল যেন তেওঁ কোনো বন্ধু দৰ্শন কৰিবৰ নিমিত্তেহে গৈছে। শেহ সময়লৈকে তেওঁ সজ্ঞান আছিল,আৰু নৈষ্ঠিক হিন্দুৰ অন্তিম কালত কৰ্ত্তব্য শাস্ত্ৰবিহিত সকলোবোৰ কাৰ্য্য সমাপন কৰিছিল। সেই কাৰ্য্যবোৰৰ অন্তত তেওঁ স্বৰ্গৰ ফালে এক থিৰে চকু ৰাখি, ক্ষীণকণ্ঠেৰে ঈশ্বৰৰ নাম উচ্চাৰণ কৰি, যেন “হে পৰমেশ্বৰ! তোমাৰ হাতত মোৰ এই আত্মা সমৰ্পণ কৰিলোঁ; কাৰণ, তুমি মোক উদ্ধাৰ কৰিলা! হে মোৰ যুক্তিদাতা পৰমেশ্বৰ!” এইদৰে বুলি, চিৰকালৰ নিমিত্তে চকু মুদিলে।'

              

 “আমি আশা কৰোঁ ৺ বেজবৰুৱা ডাঙৰীয়াৰ কোনো এজন পুতেকে যেন ডাঙৰীয়াৰ জীৱনৰ