এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৫৯]
"আমি বৰ শোকেৰে, শিৱসাগৰত অৱসৰ লৈ থকা একষ্ট্ৰা এচিষ্টেণ্ট কমিচনৰ ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ মৃত্যুৰ বাতৰি লেখিব লগীয়াত পৰিলোঁ। মেই মাহৰ ২৭ তাৰিখে সোমবাৰৰ দিনা পুৱা ৮ বজাত তেওঁৰ দেহান্তৰ ঘটিল। পূজনীয় ডাঙৰীয়া কিছু দিনৰপৰা নৰীয়া পৰি আছিল; আৰু চিকিৎসকৰ পৰামৰ্শ মতে জল-বায়ুৰ পৰিবৰ্ত্তনৰ নিমিত্তে, তেওঁৰ গুৰু-ঘৰ কমলাবাৰী সত্ৰলৈ গৈছিল, আৰু তাতে তেওঁৰ মৃত্যু হল। পূজ্যপাদ ডাঙৰীয়াৰ মৃত্যু, আসামৰ জাতীয় হানি বুলিব লাগে; কাৰণ, তেওঁৰ লগতে অসমত আগৰ কলীয়া অসমীয়া ডাঙৰীয়াসকলৰ ভিতৰত বাকী জীয়াই থকা কেইজনৰ এজন গল। তেওঁ প্ৰায় এক শতিকাৰ চাৰি ভাগৰ এভাগ কাল গবৰ্ণমেণ্টৰ ঘৰৰ পেঞ্চন ভোগ কৰি, অতি