এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৫৮]
আচৰিত হৈ কলে, "ঠিক ব্যাখ্যা! অথচ আমাৰ মনত ইমান দিন ই খেলোৱা নাছিল।” ইয়াৰ পিছত ডাঙৰীয়াই সেই পুথিৰ ভাঙ্গনি সম্পূৰ্ণ কৰিলে।
বেজবৰুৱা ডাঙ্গৰীয়াই আসামৰ বুৰঞ্জী এখন লেখিবলৈকো কাৰবাৰ কৰি তাৰ নিমিত্তে সজুলি গোটাইছিল। কিন্তু দুখৰ বিষয় সি হৈ নুঠিল। তেওঁৰ দ্বাৰাই ৰচিত আসাম বুৰজী নিশ্চয় এখন অমূল্য গ্ৰন্থ হলহেঁতেন; কাৰণ তেওঁ আসাম দেশৰ বিষয়ে ইমানবিলাক পুৰণি বৃত্তান্ত জানিছিল যে, তেওঁ আসাম বুৰঞ্জীৰ ভঁৰাল আছিল বুলিলেও সৰহ কোৱা নহয়। ডাঙৰীয়া লোকান্তৰ হোৱা বাতৰি শুনি ১৮৯৫ খৃষ্টাব্দৰ জুন মাহৰ “আসাম টাইমচ” বাতৰি কাকতে যি লেখিছিল, তাৰ অসমীয়া ভাঙ্গনি তলত দিলোঁ।