সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৫৭]

 ডাঙৰীয়াই উত্তৰ দিলে, “উৎকলখণ্ডৰ পদ কৰিছোঁ।”

 পণ্ডিতজন। “ৰৈ আছা কিয়?”

 ডাঙৰীয়া। “এই শ্লোকটোৰ মানে কৰিব নোৱাৰি।”

 পণ্ডিতজন। “শ্লোকটো কি মাতাছোন?”

 ডাঙৰীয়াই শ্লোকটো মাতিলে। শ্লোকটো শুনি মানুহজনে কলে, "কিয়, ইয়াৰ অৰ্থটো দেখোন ওলাই আছে। তস্ প্ৰত্যয়, আৰু এটা সন্ধিৰ লেঠ৷ মাথোন।” এই বুলি তেওঁ ডাঙৰীয়াক সেইটো ভাঙ্গি বুজাই দিলে, আৰু ডাঙৰীয়াই সাৰ পালে। সাৰ পাই তেওঁ আৰু নুশুই ৰাতি পুৱালতে উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ ঘৰলৈ গৈ শিৱসাগৰীয়া বৰুৱাক সেই স্বপ্নত পোৱা ব্যাখ্যাৰ কথা কলে। ব্যাখ্যাটো শুনি বৰুৱাদেও