এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৫৬]
ফলসোমোদকৈ তৃপ্ত্বালভন্তে শ্ৰমজং ফলং॥”
এই শ্লোকটো পাই, অতি পুৰুষাৰ্থ কৰিও ভাৰ সন্তোষজনক অৰ্থ উলিয়াব নোৱাৰি হতাশ হৈ, ভুল ভাঙ্গনি কৰা অনুচিত ভাবি, সেই খিনিতে তাৰ পদ কৰিবলৈ এৰি দি, ভালেমান দিনলৈকে পুথিখন সামৰি থৈ দিছিল। মহামহোপাধ্যায় উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাকে প্ৰমুখ্য কৰি অনেক পণ্ডিতক সেই শ্লোকৰ মানে তেওঁ সুধি কাৰোপৰা সস্তোষজনক উত্তৰ নাপালে। এদিন ৰাতি ডাঙৰীয়াই স্বপ্ন দেখিলে, যে তেওঁ যেন বহি উৎকলখণ্ড পুথিৰ পদ কৰি থাকোঁতে সেই শ্লোকটো পাই তাৰ অৰ্থ কৰিব নোৱাৰি ভাবি মূৰ ঘমাব লাগিছে। এনেতে এজন বিশিষ্ট পণ্ডিতৰ নিচিনা লোক তেওঁৰ ভাগত উপস্থিত হৈ তেওঁক সুধিলে “সেইয়া কি কৰিছা?”