সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৫১]

সেইবোৰ তেওঁৰ কণ্ঠস্থ আছিল; আৰু যেতিয়া যিটো শ্লোক যত প্ৰয়োগ কৰি নিজৰ মত বা শাস্ত্ৰৰ মতৰ সমৰ্থন কৰিব লাগে, তাক সহজে তেওঁ কৰিব পাৰিছিল৷ অনেক লোকে শাস্ত্ৰ পঢ়ি পণ্ডিত হৈও, শাস্ত্ৰৰ শ্লোক বা বচনবিলাক, মহাবীৰ কৰ্ণই সময়ৰ শৰ পাহৰাদি পাহৰি, আৱশ্যকীয় সময়ত ব্যৱহাৰ কৰিব নোৱাৰে; কিন্তু ডাঙৰীয়া হলে তেনে নাছিল। নিদান, ভাবপ্ৰকাশ, সুশ্ৰুত, চৰক আদি আয়ুৰ্ব্বেদীয় গ্ৰন্থৰ শ্লোকবোৰ তেওঁৰ জিভাৰ আগত আছিল, আৰু উচিত সময়ত তেওঁ সেইবোৰৰ সদ্ব্যৱহাৰ কৰিব পাৰিছিল। লেখকৰ মনত আছে, তেওঁ তেওঁৰ আন ককায়েকহঁতে সৈতে, পিতৃদেৱতাৰ ওচৰত নিদান, ভাবপ্ৰকাশ আদি পুথি পঢ়োঁতে, তেওঁ লোকৰ আগতহে পুথি মেলা থাকিছিল, পিতৃ-