এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৪৯]
ডাঙৰীয়া দীননাথ বেজবৰুৱা সংস্কৃত ভাষাতো সুপণ্ডিত আছিল। ব্যাকৰণ কাব্য আৰু অলঙ্কাৰ শাস্ত্ৰ তেওঁৰ ভালকৈ পঢ়া আছিল। অলপ-অচৰপ সংস্কৃত ৰচনাও তেওঁ কৰিব পাৰিছিল। লেখক এবাৰ পিতৃদেৱতা ডাঙৰীয়াৰ সৈতে দক্ষিণপাট সত্ৰলৈ গৈছিল। দক্ষিণপটীয়া অধিকাৰ গোসাঁইৰ শৰীৰ অসুস্থ থকাৰ নিমিত্তে, ডাঙৰীয়াক গোসাঁই প্ৰভুৱে নৰীয়া চাবলৈ মাতি নিছিল। তেতিয়া দক্ষিণপাট সত্ৰত, অসমীয়াৰ গৌৰৱ বিখ্যাত সংস্কৃতজ্ঞ পণ্ডিত শ্ৰীযুত ধীৰেশ্বৰ ভট্টাচাৰ্য্যই অধিকাৰ গোসাঁইৰ অনুজ্ঞা আৰু ব্যয়ত ছাতৰক সংস্কৃত শিক্ষা দি আছিল। চিকিৎসাৰ নিমিত্তে অধিকাৰ প্ৰভুক শাস্ত্ৰবিহিত প্ৰায়শ্চিত্ত কৰিবৰ থিৰ হলত, ডাঙৰীয়াই প্ৰায়শ্চিত্তৰ সঙ্কল্পটো এনে সুন্দৰৰূপে সংস্কৃতত ৰচনা কৰি দিলে, যে পণ্ডিত