এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৪৭]
শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ভোলানাথ বৰুৱাৰপৰা শুনিছিল। বেজবৰুৱা ডাঙৰীয়া গুৱাহাটীত থাকোঁতে এদিন তেওঁক – বৰাৰ নৰীয়া চাবলৈ মাতি অনা হৈছিল। বৰা ডাঙৰীয়া গ্ৰহণী ৰোগত পৰি দিনচেৰেক মানৰপৰা ভুগি আছিল। বেজবৰুৱা ডাঙৰীয়া গধূলি বেলিকা ৰোগীক চাবলৈ আহিছিল। ৰোগীয়ে বেজবৰুৱা ডাঙৰীয়াক দেখিয়েই উঠি সম্ভাষণ কৰি ডাঙৰীয়াৰ সৈতে আলাপ কৰিবলৈ ধৰিলে। কি দৰব আৰু কি পথ ৰোগীক খুউৱা হৈছে, এই কথা ডাঙৰীয়াই প্ৰশ্ন কৰিলত উত্তৰ পালে যে চিকিৎসাভিজ্ঞ দুলাল চন্দ্ৰ চৌধাৰীৰ ব্যৱস্থামতে ৰোগীক থেকেৰাৰ জোলেৰে এমুঠি ভাত দিয়া হৈছে, আৰু এই এই দৰব খুউৱা হৈছে। ইয়াৰ পিছত ডাঙৰীয়াই ৰোগীৰ হাতটোত ধৰি কিছুমান বেলি নাড়ী চাই