সমললৈ যাওক

পৃষ্ঠা:ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৪৬]

আস্তবেস্তকৈ কথাবাৰ্তা কবলৈ ধৰিলে। বেজবৰুৱা ডাঙৰীয়াই ৰোগীক সুধিলে, তুমি কেনে আছা?” ৰোগীয়ে উত্তৰ দিলে, “আজি গাটো অলপ বাৰু পাইছোঁ।” ইয়াৰ পিছত ডাঙৰীয়াই ৰোগীৰ হাতটোত ধৰি অলপ পৰ নাড়ী চাই, বাহিৰলৈ উঠি আহি, নৰীয়াৰ পতি কৰোতাসকলক ওচৰলৈ মাতি নি কলে যে "তোমালোকে তেওঁক বাহিৰলৈ উলিয়াবলৈ কাৰবাৰ কৰা, আৰু আধাঘণ্টাৰ পিছতে তেওঁ ধুকাব।” ডাঙৰীয়াৰ কথা শুনি তেওঁলোক অবাক হৈ ৰলত, তেওঁ ইয়াকে মাথোন কৈ তাৰপৰা গুচিগল, – “মই তো কৈ গলোঁ, তোমালোকে যি ভাল বুজা কৰিবা।” আচৰিত কথা যে, ঠিক আধাঘণ্টাৰ পিছত ৰোগীৰ মৃত্যু হল।

 আৰু এটি ঘটনা লেখকে, স্বনামধন্য পুৰুষ